Bhul Satya- Manoj Kumar Goswami

150.00

Category:

Description

চুটিগল্প বা উপন্যাসৰ কোনো ভূমিকাৰ সঁচাকৈ গুৰুত্ব আছেনে ? আখ্যানে তাৰ নিজৰ আন্তঃ স্তৰতেই পাঠকৰ চেতনাত বহুস্বৰিক হৈ উঠে। চলে নিৰন্তৰ আদান-প্ৰদানৰ এৰা, বিশেষ পৰিস্থিতিত স্ৰষ্টাৰ শৈলীগুণ আৰু জীৱনক উপলিব্ধৰ দৃষ্টিকোণ ব্যতিক্ৰমী হ’লে সেই লিখকজনৰ সম্পৰ্কে পাঠকৰ পূৰ্ব প্ৰস্তুতি, পাঠক্ৰিয়া জৰুৰী। সেয়ে এয়া সামান্য ৰূপৰেখাৰ চেষ্টা।চুটিগল্প বা উপন্যাসৰ কোনো ভূমিকাৰ সঁচাকৈ গুৰুত্ব আছেনে ? আখ্যানে তাৰ নিজৰ আন্তঃ স্তৰতেই পাঠকৰ চেতনাত বহুস্বৰিক হৈ উঠে। চলে নিৰন্তৰ আদান-প্ৰদানৰ এৰা, বিশেষ পৰিস্থিতিত স্ৰষ্টাৰ শৈলীগুণ আৰু জীৱনক উপলিব্ধৰ দৃষ্টিকোণ ব্যতিক্ৰমী হ’লে সেই লিখকজনৰ সম্পৰ্কে পাঠকৰ পূৰ্ব প্ৰস্তুতি, পাঠক্ৰিয়া জৰুৰী। সেয়ে এয়া সামান্য ৰূপৰেখাৰ চেষ্টা। সম্প্ৰতি মনোজ কুমাৰ গোস্বামীৰ একগুচ্ছ চুটিগল্পৰ মুখামুখি হোৱাৰ অভিজ্ঞতা হ’ল। গোস্বামী মাথোঁ অসমীয়া ভাষাতেই নহয়, ভাৰতীয় নানা ভাষা-ভাষীৰ পাঠকৰ বাবে পৰিচিত নাম। শৈলী আৰু জীৱনক উপলিব্ধৰ অনন্য দাৰ্শনিক অৱস্থানে তেওঁৰ গল্পক ভিন্ন তিলক পিন্ধাইছে। তেওঁ বিশ্বাস কৰে ‘মই’ বা ব্যক্তি-মানুহৰ অহংসত্তাক যিয়েই যি নামেৰেই নানা চৰিত্ৰৰ স্তৱক নবনাই কিয়- সেয়া অনাদিয়েই হওক, সমীৰণ বৰুৱাই হওক, বা কোনো জীৱৰ দত্ত বা মিঃ শইকীয়াই হওক- আচলতে আমি সকলোৱে জন্ম-মৃত্যুৰ মধ্যৱৰ্তী এই জীৱন খণ্ডত অদৃশ্য কোনো ফান্দত ওলমি আছো। যি কোনো ৰাষ্ট্ৰব্যৱস্থা, পৰিপাৰ্শ্ব, পৰিৱেশ, ক্ষমতা, সমবেত মানুহৰ আদেশ ইত্যাদি ব্যক্তিসত্তাৰ ওপৰত চিৰগ্ৰাসী। আজি বিশ্বজুৰি অসহায়তা, অনিশ্চয়তা, হিংসা, বিৰংসাৰ আঘাত আৰু আতংকত সেই ‘মই’ বা আত্মসত্তা ক্ৰমাগত অদৃশ্য নিৰ্যাতনৰ চিকাৰ হৈ পৰিছে। পিঠিত কোনো ক্ৰুছ’ৰ পাপৰ  বোজা বহন কৰি ফুৰিছে সি সৰ্বদা। অথচ ‘পাপ’ যে ক’ত কেনেকৈ সংঘটিত হৈছে সেয়াও বুজিব পৰা নাই। এইদৰেই অসহায় আৰু পলাতক আত্মসত্তাই বিচাৰি ফুৰিছে মুক্তিৰ ৰাস্তা। প্ৰতি মুহূতৰ্তে হৈ পৰিছে ৰক্তাক্ত, শ্ৰান্ত, ভংগুৰ- কোতিয়াবা হয়তো শহাপহুৰ দৰে ভীৰ সন্ত্ৰস্ত হৈ গভীৰ নিঃশ্বাস পেলাইছে। এই নিঃশ্বাস মনোজ কুমাৰ গোস্বামীৰ গল্পত পাইছে ভাষা আৰু শৈলীৰূপ। প্ৰমাণ কৰিছে- On man, on Nature and on Human life, musing in solitude, পলাতক আত্মাৰ চূড়ান্ত আশ্ৰয়। সৰ্বভাৰতীয় প্ৰেক্ষাপটত অসমীয়া চুটিগল্পৰ বিশিষ্ট এটা স্থান আছে। বৈচিত্ৰ্য, বৈভৱ, প্ৰকৰণগতভাৱে শক্তিশালী আধুনিক অসমীয়া গল্প নানা দৃষ্টিকম্পাংকৰ এটি আলোকচ্ছটাত নিৰ্দিষ্ট এটি কম্পাংক বৈচিত্ৰ্যত মনোজ কুমাৰ গোস্বামীৰ অৱস্থান। লিখকৰ বয়স পঞ্চাছৰ কাষে-পাজৰে। তেওঁৰ শব্দ-বাক্য আখ্যান নিৰ্মাণত, শানিত চুৰিৰ দৰে শব্দ-চয়ন, উপমা-উপমিতৰ ব্যৱহাৰে পাঠক-চেতনাক অস্তিত্ব-সংকটৰ গভীৰ অন্ধকাৰত বিবশ কৰি ৰাখে। ছিন্ন-ভিন্ন কৰি দিয়ে কেতিয়াবা।গুহা, ছায়াযুদ্ধ, সমীৰণ বৰুৱা আহি আছে, প্ৰেম সংগীত আৰু মৃত্যু¬¬ৰ বিষয়ে, খোজৰ শব্দ কিংবা ঈশ্বৰহীনতা বা শগুণৰ দৰে গল্পসমূহ পঢ়ি উঠাৰ পিছত এনেকুৱা এক জোকাৰণি আহে, বোধহয় লেখকে অৱৰুদ্ধ, শ্বাসৰুদ্ধ বা ক্তিসত্তাৰ বেদনা শুনাই শুনাই মানুহৰ সমষ্টিসত্বাৰ সকেলাখিনিৰ বিৰুদ্ধে খৰ্ড়্গ তুলিবলৈও পিছ হুহুকি নাহিব। যি দৰে ‘বহু দূৰৈত জীৱন কলিতা’ গল্পটো- কোনো অস্পষ্টতা বা দ্বান্দিক ৰূপ নাই।শৈলীগত অৱস্থানত, সাহিত্য-সাংবাদিকতাৰ অদ্ভুত মিশ্ৰণ ক্ৰিয়াৰ মাধ্যমত গতিময় এটা ষ্টাইল সৃষ্টিত মনোজ কুমাৰ গোস্বামী খুবেই সফল। আনকি তেওঁৰ গল্পৰ শৰীৰৰ পৰা আন্তৰ্জাতিক সাহিত্যৰ মেজাজ সহজলভ্য- বিশেষত ইউৰোপীয় সাহিত্যৰ সবিশেষ এটি ধাৰাৰ। বিগত কেই দশক ধৰি উত্তৰ-পূব ভাৰতত- বিশেষত অসমৰ সমাজত অস্থিৰ সময়, ৰাজনৈতিক পৰিস্থিতি আৰু সন্ত্ৰাসময়তাই আমাৰ চেতনাৰ ভাৰকেন্দ্ৰক বাৰে বাৰে জোকাৰি গৈছে। ৰাষ্ট্ৰিক জীৱনত তুলিছে নানা প্ৰশ্ন, যাৰ শিপা প্ৰোত্থিত আছে নৃতত্বৰ পৰা ঔপনিৱেশিক সময়ৰ মাজত। মনোজ কুমাৰ গোস্বামীৰ গল্পত এই পৰিৱেশ মৃত্যু আৰু আতংকৰ শীতল পোছাকত হৈ উঠিছে কেলাসিত (Crystallized)। তেওঁৰ গল্পত কাণ পাতিলে শুনিবলৈ পাও ব্যক্তিৰ আৰ্তি, অসহায় সত্তাৰ সংগীত। কেতিয়াবা কেতিয়াবা অদৃশ্য আশ্ৰয়ৰ সন্ধান। পাঠকেও সৃষ্টিশীলতাৰ মাজেৰেই ব্যক্তি আৰু সমষ্টি-মানুহ আৰু সময়ৰ ক্ৰন্দন শুনিবলৈ পায়। মনোজ কুমাৰ গোস্বামীৰ গল্পই আধুনিক পাঠকক সমৃদ্ধ কৰিব।

সাধন চট্টোপাধ্যায়

Facebook Comments