Kachiye Kaate Maane- Dilip Borah

180.00

Out of stock

Category:

Description

উত্তৰ স্বাধীন কালত অসমৰ প্ৰিত মুহূৰ্ততে সলনি হৈ থকা ভৌগোলিক, ৰাজনৈতিক, সামাজিক তথা অৰ্থনৈতিক মানচিত্ৰখন যোৱা তিনিটা দশক ধৰি অতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰাৰ এক জীৱন্ত আৰু স্পৰ্শকাতৰ হৃদয়ৰ উপলব্ধি আৰু অন্তৰ্দ্বন্দৰ ফলস্বৰূপে সৃষ্টি হৈছে দিলীপ বৰাৰ প্ৰথম উপন্যাস ‘কলিজাৰ আই’। আইন আৰু অৰ্থনিতীৰ কৃতী ছাত্ৰ তথা কোন্দ্ৰীয় লোকসেৱা আয়োগৰ নিুযুক্তিপ্ৰাপ্ত দিলীপ বৰাই ছাত্ৰ জীৱনৰ পৰা সময়ৰ পটভূমিত গঢ় লৈ উঠা সমগ্ৰ প্ৰক্ৰিয়াটোতে জড়িত থাকি এক অনন্য অৰ্ন্তদৃষ্টি লাভ কৰিছে। অসমৰ মাটিৰ স্পৰ্শত লালিত-পালিত দিলীপ বৰাৰ শৰীৰ-মন-আত্মা ইয়াৰ প্ৰতিটো জ্বলন্ত সমস্যা তথা উত্থান-পতনৰ সৈতে জড়িত যিকোনো ঘটনা-দূৰ্ঘটনাৰ সৈতে মুখামুখি হ’লেই যে অতিকে স্পৰ্শকাতৰ হৈ উঠে তাৰ প্ৰমাণ তেওঁ ইতিমধ্যে প্ৰকাশিত প্ৰায়বোৰ গল্প উপন্যাসতে। তেওঁ লিখা বিভিন্ন কাকতে-পত্ৰই প্ৰকাশিত হৈ থকা প্ৰৱন্ধপাতিবোৰো একেধৰণৰ চিন্তাৰেই বাহক। কাঁচিয়ে কাটে মানে… সংকলন খনে অহা নিৰ্বাচনৰ পটভূমিত পাঠকক নতুন চিন্তাৰ খোৰাক যোগাব।