Kolijar Aai- Dilip Borah

180.00

Out of stock

Category:

Description

স্বাধীনোত্তৰ কালৰ যোৱা চাৰিটা দশকৰ অসমৰ সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক পট-পৰিৱৰ্তনৰ এক সূক্ষ্ম বিশ্লেষণৰ নিৰ্ভৰযোগ্য দলিল স্বৰূপে শক্তিশালী লেখক দিলীপ বৰাৰ সামাজিক উপনাস ‘কলিজাৰ আই’য়ে ইতিমধ্যে পাঠক সমাজৰপৰা আশানুৰূপ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে এই বহুল পঠিত উপনাসখনৰ চাৰিটা সংস্কৰণ প্ৰকাশ পাইছে আৰু পঢ়ুৱৈৰ এই বিপুল সঁহাৰিয়ে বিষয়বস্তুৰ প্ৰাসংগিকতা আৰু লেখকৰ প্ৰতিভাৰ কথাকে প্ৰতিপন্ন কৰিছে। বিদেশীৰ আগ্ৰাসন আৰু ইয়াৰপৰা পৰিত্ৰানৰ বাবে কৰা আন্দোলনকে ধৰি নিৰ্বিচাৰ সন্ত্ৰাসবাদলৈকে- যিবোৰ এশ-এবুৰি সমসাই অসমৰ শৈক্ষিক, সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক পৰিস্থিতি থান-বান কৰি তুলিলে, এইবোৰৰ ফলপ্ৰসূ সমাধান আজিও হোৱা নাই। বিপৰীতে পুৰণি সমসাৰ সৈতে কেতবোৰ নতুন সমসা যেনে- অনিশ্চিত ভৱিষ্যতৰ আশংকাত উচ্চহাৰত ছাত্ৰ-ছাত্ৰীৰ লগতে ক্ষুদ্ৰ কামৰ সন্ধানত যুৱক-যুৱতীৰ বৰ্হিগমন, বৃহত নদী বান্ধে কঢ়িয়াব পৰা দুৰ্ভাৱনা, অবাধ গড় হত্যা, ৰাজনৈতিক উশৃংখলতা আদি যোগ হৈছেহি। আজিও অসমৰ সমাজ-জীৱনক জৰ্জৰিত কৰি ৰখা বিভিন্ন সমস্যাসমূহৰ পটভূমিক সম্যকভাৱে অনুধাৱন কৰাত ‘কলিজাৰ আই’য়ে পাঠকক নিশ্চিতভাৱে সহায় কৰে। আমাৰ বিশ্বাস সঁচা অৰ্থত প্ৰগতিৰ দিশেৰে বাট বুলি অসমৰ শৈক্ষিক, ৰাজনৈতিক আৰু প্ৰশাসনিক জগতত চকুত লগা পৰিৱৰ্তন আনিবলৈ অসমক নিভাজ অন্তৰেৰে ভালপোৱা এচাম নিষ্ঠাবান যুৱক-যুৱতীক প্ৰকৃত পথ বিচাৰি উলিয়াবলৈ ‘কলিজাৰ আই’য়ে সদায় উদ্বুদ্ধ কৰিব।